ছাত্ৰ-ছাত্ৰী সকল, তলৰ চিত্ৰ খনলৈ মন কৰাছোন।
এইখন এখন Kabaddi court
এই court খন এনেদৰে নিৰ্মান কৰা হৈছে যাতে
ইয়াৰ দৈঘ্য, প্ৰস্থৰ দুগুণতকৈ 1 মিটাৰ বেছি.
অৰ্থাৎ,
যদি ইয়াৰ প্ৰস্থ x মিটাৰ হয়,তেন্তে ইয়াৰ দীঘ হ’ব= 2x+1 মিটাৰ
তেন্তে, এই court খনৰ
পৰিসীমা = 2(দীঘ+ প্ৰস্থ)
=2{x + (2x+1)}
=2(3x+1)
=6x+2
আৰু, কালি= দীঘ×প্ৰস্থ
= x(2x+1)
= 2x2 + x
গতিকে, এনেধৰণৰ
2x2+x,
3x+1
………
উপস্থাপন বোৰেই হ’ল বীজগণিতীয় ৰাশিৰ উদাহৰণ।
এটা বীজগণিতীয় ৰাশিৰ চলক(varriable), ধ্ৰুৱক (constant),
আৰু সহগ(coefficient):
এতিয়া তলৰ বীজগণিতীয় ৰাশি কেইটা বিবেচনা কৰাছোন।
x3-x2+4x+7
3y2+5y
t2+4
2x
ইয়াত আমি দেখিছো যে, প্ৰত্যেকটো চলকৰ সূচক বোৰ একো একোটা পূৰ্ণ সংখ্যা। গতিকে এনেধৰণৰ বিশেষ বীজগণিতীয় ৰাশিবোৰকে বহুপদ(polynomial)বোলা হয়, য’ত প্ৰত্যেকটো চলকৰ সূচক হিছাপে কেৱল পূৰ্ণ সংখাহে পাওঁ ।
ৰাশিটোৰ দ্বিতীয় পদত x ৰ সূচক -1, যিটো পূৰ্ণ সংখ্যা নহয়।
গতিকে এই বীজগণিতীয় ৰাশিটো বহুপদ নহয়।
(ii) ইয়াত √x+3 ৰাশিটোৰ প্ৰথম পদত x ৰ সূচক 1/2, যিটো পূৰ্ণ
সংখ্যা নহয়।
গতিকে এই বীজগণিতীয় ৰাশিটো বহুপদ নহয়।
বহুপদৰ পদৰ সংখ্যা:
উদাহৰণৰ বাবে আমি এটা বহুপদ লওঁ আহাঁ।
y9 + 2y7- 5y6-
3y5- y4 +
y2+ 11y + 7
তোমালোকে ক’ব পাৰিবানে এই বহুপদ টোত পদৰ সংখ্যা কিমান হ’ব বাৰু?
চিত্ৰৰ পৰা আমি দেখিলো যে, ইয়াৰ পদৰ সংখ্যা =8 টা
গতিকে,পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বহুপদ সমূহক তলত
দিয়াৰ দৰে ভগাব পাৰি
দিয়াৰ দৰে ভগাব পাৰি
মনত ৰাখিব লগীয়া কথা যে, এটা অসীম সংখ্যক পদ থকা
বীজগণিতীয় ৰাশি বহুপদ হ’ব নোৱাৰে।
বীজগণিতীয় ৰাশি বহুপদ হ’ব নোৱাৰে।
বহুপদৰ মাত্ৰা: এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদৰ
মাত্ৰা বোলা হয়।
মাত্ৰা বোলা হয়।
তলৰ বহুপদটো চোৱাছোন
ইয়াত চলকৰ সৰ্বোচ্চ ঘা ত= 7
গতিকে বহুপদটোৰ মাত্ৰা হ’ব =7
বহুপদৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি বহুপদ সমূহক কিছুমান
ভাগত ভগাব পাৰি
1.ৰৈখিক বহুপদ: যিবোৰ বহুপদৰ চলক সমূহৰ সৰ্বোচ্চ ঘাত 1, সেইবোৰ ৰৈখিক বহুপদ।
উদাহৰণ: 2x-1
2. দ্বিঘাত বহুপদ: যিবোৰ বহুপদৰ চলক সমূহৰ সৰ্বোচ্চ ঘাত ২, তেনেবোৰক দ্বিঘাত বহুপদ বোলা হয়।
উদাহৰণ: 3x2 + 4x +6
3. ত্ৰিঘাত বহুপদ: যিবোৰ বহুপদৰ চলক সমূহৰ সৰ্বোচ্চ ঘাত 3, তেনেবোৰক দ্বিঘাত বহুপদ বোলা হয়।
উদাহৰণ: x3 + 4x2
+6x+1
অনুশীলনী 2.1
(i)4x2-3x+7 (ii) y2+√2 (iii)3√t+t√2
(iv)
y+ 2/y (v) x10+y10+z10
সমাধান: (i) 4x2-3x+7
ইয়াত দুয়োটা চলকৰ সূচক একোটা পূৰ্ণ সংখ্যা, এতেকে এই ৰাশিটো বহুপদ।
(ii) y2+√2
ইয়াত থকা একমাত্ৰ চলকটোৰ সূচক 2, ই এটা পূৰ্ণ সংখ্যা, এতেকে এই ৰাশিটো বহুপদ।
(iii)3√t+t√2
ইয়াত প্ৰথমটো পদত থকা চলক t ৰ সূচক ½ , যিটো পূৰ্ণ সংখ্যা নহয়।
গতিকে এই বীজগণিতীয় ৰাশিটো বহুপদ নহয়.
(iv) y+ 2/y
এই ৰাশিটোৰ দ্বিতীয় পদত y ৰ সূচক -1, যিটো পূৰ্ণ সংখ্যা নহয়।
গতিকে এই ৰাশিটো বহুপদ নহয়।
(v) x10+y10+z10
এই ৰাশিটো বহুপদ হয়, কিন্তু এটা চলকযুক্ত বহুপদ নহয়। কাৰণ ইয়াত চলক হিছাপে x ৰ ওপৰিও y আৰু z আছে।
2. তলৰ প্ৰতিটোৰে x2 ৰ
সহগ লিখা।
(i)2+x2+x
Ans: ইয়াত x2 ৰ
সহগ =1
(ii) 2-x2+x3
Ans: ইয়াত x2 ৰ
সহগ =-1
(iii)
ইয়াত x2 ৰ সহগ =π/2
(iv) √2x-1
Ans: ইয়াত x2 ৰ
সহগ = 0
3. 35 মাত্ৰা যুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰা যুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া
সমাধান: 35 মাত্ৰা যুক্ত এটা দ্বিপদ হ’ল= y35+2
100 মাত্ৰা যুক্ত এটা একপদ হ’ল= y100
4. তলৰ বহুপদ বোৰৰ মাত্ৰা লিখা।
(i)5x3+4x2+7x
Ans: ইয়াৰ মাত্ৰা =3
(ii) 4-y2
Ans: ইয়াৰ মাত্ৰা =2
(iii) 5t-√7
Ans: ইয়াৰ মাত্ৰা =1
(iv) 3
Ans: ইয়াৰ মাত্ৰা = 0
5. তলৰ ৰৈখিক, দ্বিঘাত আৰু ত্ৰিঘাত বহুপদ সমূহ শ্ৰেণী বিভাজন কৰা।
(i)x2+x
--- দ্বিঘাত বহুপদ
(ii)x-x3
--- ত্ৰিঘাত বহুপদ
(iii)y+y2+4
---- দ্বিঘাত বহুপদ
(iv)1+x-----ৰৈখিক বহুপদ
(v)3t---- ৰৈখিক বহুপদ
(vi) r2 ---- দ্বিঘাত বহুপদ
(vii)7x3 ---
ত্ৰিঘাত বহুপদ
No comments:
Post a Comment