ছাত্ৰ ছাত্ৰী সকল,
আমি আমাৰ চৌপাশৰ জগত খনত অনেক বস্তু দেখিবলৈ পাওঁ
নৈ আৰু পাহাৰ, এখন উদ্য্যন
এখন সেউজীয়া পথাৰ, আমাৰ নিজৰ নিজৰ বিদ্যালয় খন
এতিয়া প্ৰশ্ন হ’ল-
আমাৰ চৌপাশৰ এই বস্তু বোৰ আমি কেনেকৈ দেখোঁ বাৰু?
নিশ্চয় পোহৰৰ বাবে-
দিনৰ ভাগত সূৰ্যৰ পোহৰত,
আনহাতে ৰাতিৰ আন্ধাৰত বৈদুতিক বাল্ব, চাকি বা লেম্পৰ পোহৰত আমি আমাৰ চৌপাশৰ বস্তুবোৰ দেখা পাওঁ।
এটা বস্তুয়ে তাৰ পৃষ্ঠত আপতিত হোৱা পোহৰ প্ৰতিফলিত কৰে। এই প্ৰতিফলিত পোহৰ আমাৰ চকুত সোমালে আমি বস্তুবোৰ দেখা পাওঁ।
অৰ্থাৎ, পোহৰৰ প্ৰতিফলন নামৰ এই পৰিঘটনাটোৰ বাবেই আমি আমাৰ চৌপাশৰ বস্তুবোৰ দেখিবলৈ পাওঁ।
তেন্তে, এই পোহৰৰ প্ৰতিফলন মানে কি? ইয়াৰ বৈশিষ্ট বা ধৰ্ম সমূহ কি কি-
সেই বিষয়েই আজি আমি আলোচনা কৰোঁ আহা।
পোহৰৰ প্ৰতিফলন:
কোনো এটা পোহৰৰ উৎসৰ পৰা অহা পোহৰৰ ৰশ্মি, এখন পৃষ্ঠত পৰি পুনৰ আগৰ মাধ্যমলৈ ঘূৰি যায়, এই পৰিঘটনাটোকে প্ৰতিফলন বোলে।
পোহৰৰ
প্ৰতিফলনৰ সূত্ৰ সমূহ:
এতিয়া, পোহৰৰ প্ৰতিফলনৰ লগত জড়িত এটা অন্যতম পৰিঘটনা হ’ল প্ৰতিবিম্ব গঠন-
প্ৰতিবিম্ব- দুই প্ৰকাৰৰ
সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট
গোলাকাৰ দাপোন: অৱতল আৰু উত্তল
গোলাকাৰ দাপোন সম্পৰ্কীয় কিছু সংজ্ঞা:
গোলাকাৰ দাপোনখনৰ মধ্যবিন্দুক মেৰু বুলি কোৱা হয়৷ ই দাপোনৰ পৃষ্ঠত অৱস্থিত৷ ইয়াক সাধাৰণতে “P” আখৰেৰে সূচোৱা হয়৷
গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰক দাপোনখনৰ ভাঁজকেন্দ্ৰ বোলে৷ ইয়াক “C” আখৰেৰে সূচোৱা হয়৷
ভাঁজব্যাসাৰ্ধ ( Radius of curvature):
গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধক ভাঁজব্যাসাৰ্ধ বোলে৷ অথবা,মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজৰ দূৰত্বক ভাঁজব্যাসাৰ্ধ বোলে৷ ইয়াক “R”আখৰেৰে সূচোৱা হয়৷
মুখ্য অক্ষ (Principal axis):
মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে কল্পনা কৰা সৰল ৰেখাডালক মুখ্য অক্ষ বোলা হয়৷
দাপোনৰ ফ'কাছ আৰু ফ'কাছ দৈঘ্য:
উত্তল দাপোনৰ ক্ষেত্ৰত
মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ওলাই অহা যেন লাগে। এই বিন্দুটোকে উত্তল দাপোনৰ মুখ্য ফ'কাছ বোলে
ৰশ্মিৰ সহায়ত গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপন
1.মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মØঅৱতল দাপোনত প্ৰতিফলনৰ পিছত ফ’কাছৰ মাজেদি যায়, বা
Øউত্তল দাপোনত প্ৰতিফলনৰ পিছত ফ’কাছৰ পৰা অপসাৰী হোৱা যেন লাগে৷
২৷ অৱতল দাপোনৰ ক্ষেত্ৰত ফ’কাছৰ মাজেৰে আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হয়৷
উত্তল দাপোনৰ ক্ষেত্ৰত ফ’কাছৰ দিশে আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হয়৷
প্ৰতিবিম্বৰ অৱস্থান: ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত ।
প্ৰতিবিম্ব সংকুচিত , সৎ আৰু ওলোটা
3.
প্ৰতিবিম্বৰ অৱস্থান: ভাঁজকেন্দ্ৰত।
প্ৰতিবিম্ব লক্ষ্যবস্তুৰ আকাৰৰ সমান, সৎ আৰু ওলোটা
প্ৰতিবিম্বৰ অৱস্থান: ভাঁজকেন্দ্ৰৰ বাহিৰত।
প্ৰতিবিম্ব বিৱৰ্ধিত, সৎ আৰু ওলোটা
5.
প্ৰতিবিম্বৰ অৱস্থান অসীমত
6. লক্ষবস্তু ফ’কাছ আৰু মেৰুৰ মাজত
প্ৰতিবিম্ব অসৎ, ঠিয় আৰু বিৱৰ্ধিত
অৱতল দাপোনৰ ব্যৱহাৰ:
উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন:
1. অসীম দূৰত্বতঃ
প্ৰতিবিম্বৰ অৱস্থান: মেৰু আৰু ফ’কাছৰ মাজত
প্ৰতিবিম্ব অসৎ, ঠিয় আৰু সংকুচিত
উত্তল দপোণৰ ব্যৱহাৰ:
সাধাৰণতে গাড়ীৰ পিছলৈ চোৱা দাপোন হিছাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ উত্তল দাপোণে সদায় সৰুকৈ হ’লেও ঠিয় প্ৰতিবিম্ব গঠন কৰে। তদুপৰি উত্তল দাপোন যিহেতু বাহিৰলৈ বেঁকা, গতিকে ইয়াৰ দৃষ্টি ক্ষেত্ৰ বহল হয়।
গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা:
এই পদ্ধতি মতে
১৷ মূল বিন্দুৰ পৰা বাওঁফালে ( – X অক্ষৰ দিশত) সকলো দূৰত্ব ঋণাত্মক হ’ব৷ এতেকে,
অৱতল দাপোনৰ ফ’কাছ দূৰত্ব (f),ভাঁজ ব্যাসাৰ্ধ (R) সদায় ঋণাত্মক (-ve) হ’ব৷
২৷ লক্ষ্যবস্তু সদায় দাপোনৰ বাওঁহাতে (- X অক্ষৰ দিশত) ৰখা হয়৷ এতেকে লক্ষ্যবস্তুৰ দূৰত্ব দুয়োখন দাপোনৰ ক্ষেত্ৰত সদায় ঋণাত্মক.
৩৷ মূল বিন্দুৰ পৰা সোঁহাতে (+X অক্ষৰ দিশত) সকলো দূৰত্ব ধনাত্মক হ’ব৷ এতেকে (a)দাপোনৰ পিছফালে গঠিত হোৱা প্ৰতিবিম্ব সদায় ধনাত্মক হ’ব আৰু দাপোনৰ সন্মুখত গঠিত হোৱা প্ৰতিবিম্ব সদায় ঋণাত্মক হ’ব৷
(b)উত্তল দাপোনৰ ফ’কাছ দূৰত্ব (f) ভাঁজ ব্যাসাৰ্ধ (R) সদায় ধনাত্মক (+ve) হ’ব৷
৪৷ মুখ্য অক্ষৰ লম্বভাৱে ওপৰলৈ (+Y অক্ষৰ দিশত) জোখা প্ৰতিটো জোখ ধনাত্মক হ’ব৷ , এতেকে দুয়োখন দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ উচ্চতা ( h)= ধনাত্মক (+ve)
৫৷ মুখ্য অক্ষৰ লম্বভাৱে তললৈ ( -Y অক্ষৰ দিশত) জোখা প্ৰতিটো জোখ ঋণাত্মক হ’ব৷ এতেকে ওলোটা প্ৰতিবিম্বৰ ক্ষেত্ৰত উচ্চতা ঋণাত্মক (-ve) হ’ব৷
দাপোনৰ
সূত্ৰ ( Mirror Formula):
গোলাকাৰ দাপোনৰ-
এই তিনিওটা ৰাশিক দাপোনৰ সূত্ৰৰ দ্বাৰা কাষত দিয়া ধৰণেৰে সম্বন্ধ স্থাপন কৰা হয়৷
যদি লক্ষ্যবস্তুৰ উচ্চতা h আৰু প্ৰতিবিম্বৰ উচ্চতা h’ হয়, তেন্তে গোলাকাৰ দাপোনে উৎপন্ন কৰা বিৱৰ্ধন হ’ব-
আকৌ, বিবৰ্ধনৰ লগত লক্ষবস্তুৰ দূৰত্ব(u) আৰু প্ৰতিবিম্বৰ দূৰত্ব(v) ৰ সম্পৰ্ক হ’ল:
No comments:
Post a Comment